Programme Outcomes

স্নাতক সন্মান পাঠ্যক্ৰম (চিবিচিএছ পদ্ধতিত)

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অসমীয়া বিভাগে তলত উল্লেখ কৰা ধৰণৰ শিক্ষণ ফলাফলৰ সৈতে নিৰ্বাচন - আধাৰিত ক্ৰেডিট পদ্ধতিত(চিবিচিএছ)  পাঠ্যক্ৰম (স্নাতক সন্মান/ স্নাতক সাধাৰণ) প্ৰদান কৰি আহিছে:

১৷   অসমীয়া সাহিত্যৰ প্ৰেক্ষাপট, আৰম্ভণি কালৰ পৰা সাম্প্ৰতিক সময়লৈকে গতি-প্ৰকৃতিৰ সম্পৰ্কে বিস্তাৰিত জ্ঞান লাভ ৷
২৷ অসমীয়া ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু বিকাশ সম্পৰ্কে স্পষ্ট ধাৰণা লাভ ৷ সমান্তৰালভাৱে আৰ্যভিন্ন আন ভাষাসমূহৰ পৰিচয় লাভ ৷
৩৷ অসমীয়া ভাষাৰ ব্যৱহাৰিক মূল্য আৰু উপযোগিতা সম্পৰ্কে স্পষ্ট ধাৰণা লাভ ৷
৪৷ আৰম্ভণি কালৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া সাহিত্যৰ বিবিধ শাখাৰ অধ্যয়নৰ জৰিয়তে সাহিত্যবোধ জগাই তোলা ৷
৫৷ অসমীয়া ভাষা অধ্যয়নৰ যোগেদি ভাষাবিজ্ঞানৰ ব্যৱহাৰিক জ্ঞান আয়ত্ব কৰা ৷
৬৷ অসমীয়া তথা অসমৰ জাতি-জনগোষ্ঠীসমূহৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰ সতে পৰিচয় লাভ ৷
৭৷ প্ৰাচ্য আৰু পাশ্চাত্য সাহিত্য বিভিন্ন পদ্ধতি আৰু তত্ত্বৰ জ্ঞান   আয়ত্ব কৰা ৷
৮৷ নিৰ্বাচিত দেশী-বিদেশী ভাষাৰ সাহিত্যৰাজিৰ লগত অসমীয়া সাহিত্যৰ   তুলনামূলক অধ্যয়নৰ যোগেদি সাহিত্যৰ বিস্তৃত জ্ঞান অৰ্জন ৷